ভাতৃ দ্বিতীয়া উদযাপন আৰু শীতৰ আগমনত, কেদাৰনাথ মন্দিৰৰ মুখ্য দুৱাৰ আজি ছমাহৰ বাবে বন্ধ কৰি দিয়া হৈছে। পুৱা ৮ঃ৩০ বজাত বিশ্বপ্ৰসিদ্ধ কেদাৰনাথ ধামৰ মুখ্য দুৱাৰ বন্ধ কৰা হয়। দেওবাৰে পুৱা ৬ বজাত মন্দিৰৰ গৰ্ভগৃহৰ দ্বাৰ বন্ধ কৰাৰ পাছত, ‘পঞ্চমুখী দৌলী’ (পঞ্চমুখী দল) মন্দিৰ চৌহদলৈ অনা হয়।
শনিবাৰে পুৰোহিতে বাবা কেদাৰৰ ৰূপালী পঞ্চমুখী মূৰ্তিটো ভাণ্ডাৰৰ পৰা উলিয়াই আনে আৰু সেই মূৰ্তিটো পবিত্ৰ স্নান কৰোৱায়। মন্দিৰ প্ৰদক্ষিণৰ পিচত গৰ্ভগৃহত ভগৱান কেদাৰনাথৰ পঞ্চমুখী মূৰ্তি স্থাপন কৰা হয়। এই দৌলীত বাবা কেদাৰৰ ভোগ মূৰ্তি ওখীমঠৰ ওমকাৰেশ্বৰ মন্দিৰলৈ শীতকালীন বিশ্ৰামৰ বাবে যাত্ৰা কৰিব। আজিৰ দিনটোত প্ৰাচীন পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতি অনুসৰি ছমাহলৈ বন্ধ কৰা হৈছে মন্দিৰৰ দুৱাৰ, য’ত শীতৰ শুভ্ৰ বৰফত বিলীন হৈ থাকিব বাবা কেদাৰনাথ।